হিন্দুত্বৰ ইতিহাস , কমিনিউজিম ধৰ্মীয় মূল্যবোধ আৰু বৰ্তমান অসমত বাওঁপন্থাবাদৰ ভূমিকা :
         Date: 28-Jan-2019
হিন্দুত্বৰ ইতিহাস , কমিনিউজিম ধৰ্মীয় মূল্যবোধ আৰু বৰ্তমান অসমত বাওঁপন্থাবাদৰ ভূমিকা :
By Monika Das
 

 
আমাৰ ভাৰতবৰ্ষৰ ইতিহাসে হিন্দুত্বৰ গৌৰৱোজ্জ্বল গুণগৰিমাৰ কথা সোঁৱৰাই দিয়ে। এয়া ভাৰতৰ হিন্দু ধৰ্মৰ মূল্যবোধ যত কয়- সমাজৰ লগত সম্প্ৰীতি ৰক্ষা কৰিব লাগে , সমাজত শান্তি প্ৰতিষ্ঠা কৰিব লাগে । সমাজৰ সকলো ধৰণৰ ব্যক্তিৰ লগত সু- সম্পৰ্ক গঢ়ি তুলিব লাগে । একাত্ম মানৱতাবাদ দৰ্শন ভাৰতীয় সমাজৰ তলৰ ব্যক্তিৰ লগত সু-সম্পৰ্ক ৰক্ষাৰ মূল্যবোধ দৰ্শাই । "একাত্ম মানৱতাবাদ" সমাজৰ ভাৰতীয় সংস্কৃতিযে হয় যিয়ে সাংস্কৃতিক ৰাষ্ট্ৰবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত বৃহত্তৰ ভাৰতীয় একত্ৰিকৰণৰ মতৱাদ। " অন্ত্যোদয়া "ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য । ধৰ্মৰ প্ৰতি একতা ,সহানুভূতি, আধ্যাত্মিকতাবাদৰ ভাৰতীয় মানুহৰ প্ৰতিটো ৰক্তৰ টোপালত জিলিকি আছে , সেয়া হওক মাৰাঠা সম্ৰাট পৰা ৰাজপুত তেজত অসমত আহোম, অসমীয়া লাচিত বৰফুকনৰ তেজত আছে ।
ভাৰতীয় সংস্কৃতিৰ ইতিহাস, আধ্যাত্মিকতাবাদ ইমান শক্তিশালী যে সুদূৰ জাৰ্মানীত জন্ম লাভ কৰা কাৰ্লমাক্স "কমিউনিজিম" ( Communism)
( পিতৃ কোৱা হয়), সাম্যবাদ, ছচিয়েলিজিম (Socialism) বামপন্থী মতবাদ স্বদেশী মতবাদৰ লগত ফেৰ ভাৰতবৰ্ষত মাৰিব নোৱাৰে ।
কমিউনিজিমত আধ্যাত্মিকতাবাদৰ কোনো স্থান নাই না কোনো ধৰ্মীয় বিশ্বাসৰ মূল্যবোধ আছে।
মাৰ্জিত আচৰণ অভাৱ বাওঁপন্থাবাদৰ এটা দূৰ্বলতা । মাৰ্জিত ভাষা,আচৰণ অবিহনে এটা জাতিৰ সত্বা গঠন হব পাৰে জানো? সমাজৰ ভিন ভিন ক্ষেত্ৰত লক্ষ্য কৰিলে বাওঁপন্থী সকলৰ পৰা পোৱা যায় কটু আৰু অবাঞ্ছিত ভাষাৰ প্ৰতুত্তৰ । হিন্দুত্ববাদ অথবা তেওঁলোকৰ আচৰণ তেনেই নিৰ্জু আৰু মাৰ্জিত । কাৰ্লমাক্স ধৰ্মৰ ক্ষেত্ৰত কৈছিল - "The foundation of irreligious criticism is man make religion, religion doesn't make man. Religion is indeed, the self consciousness and self esteem of man who has either not yet won through to himself or has already lost himself.
Religion is the sign of the oppressed creature, the heart of a heartless world, and the soul of a soulless condition. Religion is the opium of the people "
ভাৰতৰ যিদৰে মহত্ব আছে ভাৰতীয় সংস্কৃতিৰো মহত্ব আছে । পৃথিৱীৰ 46 টা সভ্যতাৰ ভিতৰত কেৱল ভাৰতীয় সভ্যতাহে জীৱন্ত ৰূপত আছে । স্বামী বিবেকানন্দ মতে জীৱনৰ আধ্যাত্মিক ৰূপানিতেই ভাৰতীয় সভ্যতাৰ মূলমন্ত্ৰ । ভাৰতবৰ্ষই বিশ্ব বাসীক 3 টা বস্তু - সংস্কৃত ভাষা,আৰ্য়ুবেদ ,আৰু যোগ অৱদান হিচাপে দিছে । আত্মাই ভাৰতবৰ্ষৰ আচল পৰিচায়ক।
অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি:
বৰ্তমান বাওঁপন্থী সকলৰ অগ্ৰাসী নীতি বলি হৈছে অসমৰ অসমীয়া সকল তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল। বাওঁপন্থাবাদ অতিচাৰৰ মূল আধাৰ সমাজ খনক ধৰ্মহীন বিকলাংগ কৰি হিংসা বিদ্ৰোহৰ দ্বাৰা বিপ্লৱী কৰি তোলা, সমাজ খনক উশৃংখল কৰি তোলা । সেয়ে বিভিন্ন সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰত ভূমিৰ পৰা পৃথক কৰিব কমিউনিষ্ট সকলে কুচকাৱাজ ৰচিছে এই ক্ষেত্ৰত বহিৰাগত ৰাষ্ট্ৰৰ সহায় লৈছে বুলি অনুভৱ হয়।